June 15, 2025 2:17 PM

views 41

উত্তৰ প্ৰদেশৰ কুশিনগৰত ইছৰোৰ ৰকেট উৎক্ষেপনৰ পৰীক্ষা সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি উত্তৰ প্ৰদেশৰ কুশিনগৰত এটা ৰকেট উৎক্ষেপনৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পোনপ্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ পৰা এটা ক্ষুদ্ৰ উপগ্ৰহ ৰকেটৰ জৰিয়তে উৎক্ষেপন কৰা হয়। ৰাজ্যখনৰ বাবে ই এটা ঐতিহাসিক মুহুৰ্ত হিচাপে পৰিগণিত হৈছে। ইছৰোৰ বিজ্ঞানী অভিষেক সিঙে থ্রাষ্ট টেক ইণ্ডিয়া লিমিটেডৰ সহযোগত এই পৰীক্ষা সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে।