April 30, 2025 12:43 PM

views 30

উত্তৰাখণ্ডত আজি পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

অক্ষয় তৃতীয়া উপলক্ষে উত্তৰাখণ্ডত আজি পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হ'ব। উত্তৰ কাশী জিলাত অৱস্থিত গংগোত্ৰী আৰু যমুনোত্রী মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে এই যাত্ৰা আৰম্ভ হ'ব। মুকবা গাঁৱৰ শীতকালীন আৱাসত দেৱী গংগাৰ পাল্কী ছমাহ ৰখাৰ পাছত কালি গংগোত্রী ধামলৈ লৈ অহা হয়। যোৱা নিশা ভৈৰৱঘাটিৰ ভৈৰৱ মন্দিৰত দেৱী গংগাৰ পাল্কী বিশ্ৰামৰ বাবে ৰখা হয়। আজি ভৈৰৱঘাটিৰ পৰা গংগোত্ৰীলৈ পাল্কী লৈ যোৱা হ'ব, য'ত পৰম্পৰাগত পূজা আৰু বৈদিক মন্ত্ৰোচ্চাৰণেৰে দিনৰ চাৰে ১০ বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰা হ'ব। ইপিনে মা যমুনাৰ পা...