June 15, 2025 2:03 PM

views 38

উত্তৰাখণ্ডৰ কেদাৰনাথৰ গৌৰীকুণ্ড খাৰ্কৰ পাৰ্বত্য অঞ্চলত হেলিকপ্তাৰ ধ্বংসপ্রাপ্ত

উত্তৰাখণ্ডৰ কেদাৰনাথ এলেকাৰ গৌৰীকুণ্ড খাৰ্কৰ পাৰ্বত্য অঞ্চলত আজি পুৱা এখন হেলিকপ্তাৰ ধ্বংসপ্রাপ্ত হয়। এই দুৰ্ঘটনাত এজন পাইলট আৰু ছগৰাকী তীর্থযাত্রীসহ মুঠ ৭ গৰাকী লোকৰ মৃত্যু হয়। হেলিকপ্তাৰখন কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে আহি আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এছ ডি আৰ এফে প্ৰকাশ কৰা অনুসৰি হেলিকপ্তাৰখন সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় আৰু আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে এই শোকাবহ ঘট...