July 5, 2024 12:21 PM

views 21

হাথৰাছৰ ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক তদন্ত আয়োগৰ বৈঠক

হাথৰাছৰ ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ নিৰ্দেশত গঠিত তিনিজনীয়া ন্যায়িক তদন্ত আয়োগে কালি লক্ষ্ণৌৰ হজৰতগঞ্জৰ নৈমিষাৰণ্যত এখন বৈঠকত মিলিত হয়। এলাহবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰিজেছ কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত গঠিত এই আয়োগত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হেমান্ত ৰাও আৰু ভাৰতীয় আৰক্ষীসেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভবেশ কুমাৰক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বৈঠকৰ অন্তত ন্যায়াধীশ শ্রীবাস্তৱে সাংবাদিকৰ আগত কয় যে তেওঁলোক শীঘ্ৰে এই ঘটনাৰ তদন্তৰ বাবে হাথ...

July 3, 2024 12:48 PM

views 16

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ ধৰ্মীয় সমাবেশত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৬লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত কালি সংঘটিত হেঁচা-ঠেলাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৬লৈ বৃদ্ধি পাইছে। ফুলৰাই গাঁৱৰ ভোলেবাবা সৎসঙ্গত এই ঘটনা সংঘটিত হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ভক্তসকলে অনুষ্ঠান শেষ হোৱাৰ পাছত ভোলেবাবাৰ দৰ্শনৰ বাবে হেতা-ওপৰা কৰাৰ সময়ত এই অঘটন ঘটে। উত্তৰ প্ৰদেশৰ মুখ্য সচিব মনোজ কুমাৰ সিঙে কয় যে বৰ্তমানলৈকে ৭২টা শৱদেহ চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোৰ এটা পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধান...

July 2, 2024 8:32 PM

views 20

উত্তৰ প্ৰদেশৰ হাথৰছত ধৰ্মীয় সমাবেশত হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত আজি হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ভালেসংখ্যক লোক আহত হয়। এটাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে কৈছে যে পুলৰাই গাঁৱত এটা সৎসঙ্গ অনুষ্ঠানত এই ঘটনা সংঘটিত হয়। অতিপাত ভিৰৰ বাবে হেঁচা-ঠেলাৰ ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে। এটাৰ মুখ্য চিকিৎসা বিষয়া উমেশ কুমাৰ ত্ৰিপাঠীয়ে কৈছে যে বৰ্তমানলৈকে মৰণোত্তৰ পৰীক্ষাৰ বাবে ২৭ টা শৱদেহ অনা হৈছে আৰু ইয়াৰ ভিতৰত ২৫ গৰাকী মহিলা আছে। এই ঘটনাত আহত ভালেসংখ্যক লোকক চিকিৎসালয়ত ভৰ্...