September 8, 2024 7:46 PM September 8, 2024 7:46 PM
20
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহতৰ সংখ্যা ৮ লৈ বৃদ্ধি
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহত লোকৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। এই ঘটনাত অন্য ২৮ জন লোক আহত হৈছে আৰু আহতসকলক ভিন ভিন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কালি প্ৰাৰম্ভিক অৱস্থাত ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু নিশাৰ ভাগলৈ উদ্ধাৰ অভিযানৰ সময়ত ধ্বংসস্তুপৰ মাজৰ পৰা আৰু ৩ টা মৃতদেহ উদ্ধাৰ হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক সঁহাৰি বাহিনীৰ দলে আৰক্ষী আৰু প্ৰশাসনৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ট্রান্সপোর্ট নগৰ এলেকাৰ হৰমিলাপ নামৰ এই ৩ মহলীয়া অট্টালিকাটো কালি বিয়লিৰ...