August 6, 2025 1:45 PM

views 18

উত্তৰ কাশীৰ ধাৰালিত বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত, ২০ জনৰো অধিক লোকক নিৰাপদে উদ্ধাৰ

উত্তৰ কাশীৰ ধাৰালিত ডাৱৰ বিস্ফোৰণত ফলত হোৱা আকস্মিক বানত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ২০ জনৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। আনহাতে আহতসকলক হর্শিলত থকা সেনাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । উত্তৰাখণ্ডত ক্ষীৰ গংগা নৈৰ অববাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকষ্মিক বানত উত্তৰ কাশী জিলাৰ ধাৰালি গাওঁত বিস্তৰ ক্ষয় ক্ষতি হয়। জিলা তাৎক্ষণিক অভিযান কেন্দ্রই জনোৱা মতে, এই বানে গাওঁখনৰ বজাৰ অঞ্চলত থকা বহুবোৰ অট্টালিকা...