January 6, 2026 12:41 PM

views 25

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন ক'টিশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণয়, আইন আৰু ন্যায় ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘবাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।