December 30, 2024 8:36 PM

views 20

ইথোপিয়াত যাত্রীভর্তি এখন ট্রাক নদীত বাগৰি পৰাৰ ফলত ৭১ জন লোকৰ মৃত্যু

পূৱ আফ্ৰিকাৰ দেশ ইথোপিয়াত কালি যাত্রীভর্তি এখন ট্রাক নদীত বাগৰি পৰাৰ ফলত কমেও ৭১ জন লোকৰ মৃত্যু হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৬৮জন পুৰুষ আৰু ৩ গৰাকী মহিলা আছে। ইথোপিয়াৰ ৰাজধানী আদিছ আবাবাৰ পৰা প্ৰায় ৩শ কিলোমিটাৰ দূৰত্বৰ চিদামা প্ৰদেশত সংঘটিত এই দুর্ঘটনা সন্দৰ্ভত দেশখনৰ সংবাদ মাধ্যমে কয়, যে অকোৱা পকোৱা পথেৰে গৈ থকা ট্রাকখনে এখন দলঙত উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে। ট্রাকখনত যোৱা যাত্ৰীসকলে এটা বিবাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল বুলি সংবাদ ...