December 25, 2024 8:16 PM

views 37

উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ ভীমতালত বাছ দুৰ্ঘটনা হৈ ৪ জন লোক নিহত

উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ ভীমতালত আজি ৰাজ্যিক পৰিবহন নিগমৰ এখন যাত্রীবাহী বাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোক নিহত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বাছখনে পিথুৰাগড়ৰ পৰা হাল্ডৱানিলৈ ২৮ গৰাকী যাত্ৰীক কঢ়িয়াই নিছিল। আহত ২৪ গৰাকী যাত্ৰীক হাল্ডৱানিৰ শুশীলা তিৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ২১ গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে এই দুৰ্ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ আশু আৰোগ্য কা...