July 13, 2025 1:24 PM

views 14

টাক্স খণ্ডৰ ডষ্টলীক ষ্টেডিয়ামত উজবেকিস্তানৰ বিৰুদ্ধে দুখন প্ৰীতি মেচ খেলিব ভাৰতৰ ২০ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল দলটোৱে

ভাৰতৰ ২০ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল দলটোৱে কাইলৈ টাক্স খণ্ডৰ ডষ্টলীক ষ্টেডিয়ামত আয়োজক দেশ উজবেকিস্তানৰ বিৰুদ্ধে দুখন প্ৰীতি মেচৰ প্ৰথমখন খেল খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা চাৰে আঠ বজাত আৰম্ভ হ'ব। এই প্ৰীতি খেলসমূহৰ হৈছে ভাৰতে অহা মাহত হ'বলগীয়া ২০ বছৰ এ এফ চি মহিলা এছিয়ান কাপৰ বাবে যোগ্যতা নির্ণয়কাৰী খেলৰ অংশ বিশেষ, য'ত দলটোৱে ইণ্ডোনেছিয়া, তুর্কমেনিস্তান আৰু ম্যানমাৰৰ সৈতে মুখামুখি হ'ব।