May 5, 2024 8:51 PM

views 30

USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰৰ খিতাপ দখল

আমেৰিকাৰ আৰিজোনাৰ টাকচনত অনুষ্ঠিত USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰে খিতাপ দখল কৰিছে। ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী তেজস্বিনে প্ৰথমটো প্ৰয়াসত ২.২৩ মিটাৰ স্পৰ্শ কৰি শীৰ্ষত স্থান নিশ্চিত কৰে। এই শিতানত আমেৰিকা আৰ্নি চিয়েৰে দ্বিতীয় আৰু মেক্সিকোৰ ৰবাৰ্টো ভিলছেচে তৃতীয় স্থান দখল কৰে।