January 19, 2025 8:34 PM

views 11

আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যম টিক্‌টক্ ৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ বাহাল

আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যমৰ অন্যতম জনপ্রিয় মঞ্চ টিক্‌টক্ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত কেইবালাখ ব্যৱহাৰকাৰীয়ে টিক্‌টক্ ভিডিঅ' চোৱাৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানৰ এদিন পূৰ্বে আজিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ প্ৰণয়ন কৰা আইন বলৱৎ কৰা হৈছে। টিক্‌টক্ চীন দেশৰ মালিকীস্বত্ব সন্দৰ্ভত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা তথা কেইবামাহজোৰা আইনী যুদ্ধৰ পাছত এই নিষেধাজ্ঞা বলবৎ কৰা হয়। ডনাল্ড ট্রাম্পে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা ...

December 29, 2024 11:56 AM

views 14

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পৰ উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পে ৰাজনৈতিক প্ৰস্তাৱৰ ওপৰত তেওঁ কাম কৰি থকালৈকে উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ কৰে। তেওঁৰ অধিবক্তাই আদালতত এই বিষয়ে আবেদন দাখিল কৰি কয়, যে ট্রাম্পে টিকটক নিষিদ্ধ কৰাৰ বিৰোধিতা কৰিছে আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিভিন্ন সমস্যাসমূহ ৰাজনৈতিক মাধ্যমেৰে সমাধান কৰিব বিচাৰে। অহা ১৩ জানুৱাৰীত আদালতে আমেৰিকাৰ এনে এখন আইন সন্দৰ্ভত শুনানি গ্রহণ কৰিব যত টিকটকৰ চীনা মালিক বাইটডান্সে সামাজিক মাধ্যমৰ কোম্পানীটো আমেৰিকাৰ কোনো প্...