April 16, 2025 2:29 PM
50
মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে চীন চৰকাৰে মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে
মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। নিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পাদিত বাণিজ্য চুক্তি মধ্যস্থতাকাৰী ৱাং ছো ৱেনৰ স্থানত নিযুক্ত কৰা হৈছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বিৰুদ্ধে ১৪৫ শতাংশ হাৰৰ ৰপ্তানি শুল্ক আৰোপ কৰিছে। তদুপৰি ৰাষ্ট্ৰপতি ট্র...