December 22, 2024 6:37 PM
17
য়েমেনৰ হুতী বিদ্রোহী গোটৰ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু নিয়ন্ত্রণ কেন্দ্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশমাৰ্গৰ পৰা আক্রমণ
আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশা ছানাত য়েমেনৰ হুতী বিদ্রোহী গোটৰ দ্বাৰা পৰিচালিত ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু কমাণ্ড তথা নিয়ন্ত্রণ কেন্দ্ৰ এটাত আকাশমাৰ্গৰ পৰা আক্রমণ চলায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত দেশখনৰ চেণ্ট্ৰেল কমাণ্ড বাহিনীয়ে এই তথ্য সদৰি কৰে। বাৰ্তাটোত লগতে প্ৰকাশ কৰা মতে হুতী বিদ্রোহী গোটে আক্ৰমণৰ উদ্দেশ্যে প্ৰেৰণ কৰা কেইবাটাও ড্ৰোণ আৰু জাহাজ ধ্বংসী ক্ষেপণাস্ত্র এটাও বাহিনীটোৱে লোহিত সাগৰৰ ওপৰত ধ্বংস কৰে। আনহাতে এই আক্ৰমণৰ পৰৱৰ্ত্তী সময়ত মধ্য ইজৰাইলত হুতী বিদ্ৰোহীয়ে বেলিষ্টিক ক...