January 22, 2025 12:16 PM

views 7

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ’ৰ সাক্ষাৎ

আমেৰিকাৰ বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ'ই যোৱা নিশা ৱাশ্বিংটন ডিচিত থকা আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীসকল ক্ৰমে ভাৰতৰ ড০ এছ জয়শংকৰ, জাপানৰ তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ পেনি ৱং এই সাক্ষাতত উপস্থিত থাকে। কোৱাড হৈছে সৰ্বাংগীন, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত, অষ্ট্ৰেলিয়া, জাপান, আৰু আমেৰিকাৰ মাজত এক কূটনৈতিক অংশীদাৰিত্ব। ৰুবিঅ'ই কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই কোৱাডৰ বৈদেশিক মন্ত্রীসকলক সাক্ষাৎ কৰি...