October 7, 2024 9:14 PM October 7, 2024 9:14 PM
7
বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা
মাইক্র’ আৰ এন এৰ আৱিষ্কাৰ আৰু পোষ্ট ট্ৰেন্সক্রিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, মাইক্র’ আৰ এন এ হৈছে জিনৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় এটা প্রাথমিক সিদ্ধান্ত। উল্লেখ্য যে, ১৯০১ চনৰে পৰা প্ৰদান কৰি অহা চিকিৎসা বিজ্ঞানত এইটো হৈছে ১১৫সংখ্যক ন’বেল বঁটা। পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাৰ ঘোষণা কাইলৈ আৰু ৰসায়ন বিজ্ঞানৰ ঘোষণা বুধবাৰে কৰা হ'ব।