September 7, 2025 11:46 AM
13
বেলাৰুচৰ আয়না ছাবালেংকাৰ ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অক্ষুন্ন
বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ বেলাৰুচৰ আয়না ছাবালেংকাই ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অক্ষুন্ন ৰাখিছে। যোৱাবাৰৰ চেম্পিয়ন ছাবালেংকাই যোৱানিশা ফাইনেলত অমান্দা অনিশ্বিমোভাক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰি খেলুৱৈ জীৱনৰ চতুৰ্থটো গ্ৰেণ্ডশ্বেম খিতাপ হস্তগত কৰে। পুৰুষৰ ডাবলছত স্পেইনৰ মার্শেলা গ্রেনোলৰ্ড আৰু আৰ্জেণ্টিনাৰ হোৰেচিঅ' জেবালোচৰ যুটীটোৱে ব্ৰিটেইনৰ জো চেলিচবেৰি আৰু নীল স্কুপস্কিৰ যুটীটোক ৩-৬, ৭-৬, ৭-৫ ছেটত পৰাভূত কৰি খিতাপ অৰ্জন কৰে। পঞ্চম বাছনিপ্রাপ্ত এই যুটীটোৱে এইবাৰ ফ...