June 29, 2025 11:51 AM

views 33

ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ টনভি শৰ্মাৰ প্ৰৱেশ

ভাৰতৰ উদিয়মান খেলুৱৈ টনভি শৰ্মাই আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। পাঞ্জাবৰ হোচিয়াৰপুৰৰ ১৬ বছৰীয়া খেলুৱৈ গৰাকীয়ে যোৱা নিশা ইউক্রেইনৰ পোলিনা বৰহোৱাক ২১-১৪, ২১-১৬ গেমত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। টনভি আজি ফাইনেলত চীনৰ বিৱেন ঝাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ'ব।