September 5, 2025 9:14 PM

views 26

ইউ এছ অ’পেন টেনিছৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি

ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ'ব। আমেৰিকাৰ এনিছিমোভাই প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাওমী অছাকাক পৰাস্ত কৰে। ইফালে, প্রথমখন ছেমি ফাইলেনত বেলাৰুচৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগুলাক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ এখন ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ ইটালীৰ বৰ্তমানৰ চেম্পিয়ন জেনিক চিনাৰ কানাডাৰ ফেলিক্স উগেৰ এলিয়াছিমেৰ মুখামুখি হ'ব। আনখন ছেমি ফাইনেলত নভাক জ'ক'ভিচে স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰাজৰ মুখামুখি ...

September 4, 2025 3:29 PM

views 27

ইউ এছ অ’পেন টেনিছত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেল ভাৰতৰ যুকি ভান্ত্ৰী

■ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ নিউজিলেণ্ডৰ সহযোগী মাইকেল ভেনাছ, ব্ৰিটিছ যুটী নীল স্কুপস্কি আৰু জ' ছেলিজবেৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত যোৱা মঙলবাৰে ন'ভাক জকভিছে টাইলৰ ফ্রিট্জক কোৱাৰ্টাৰ ফাইনেলত ৬-৩, ৭-৫, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে। জকভিছে কাইলৈ স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰ্জেৰ বিৰুদ্ধে ছেমি পাইনেলত অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ আমাণ্ডা আনিছিম ভাই পোলেণ্ডৰ ইগা শ্বাইটেক ৬-৪, ৬-৩ ছেট পৰাস্ত ক...

August 28, 2025 12:17 PM

views 13

ইউ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ন’ভাক জ’ক’ভিচৰ আধিপত্য অব্যাহত

তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাৰ বিৰুদ্ধে ৬-৩, ৬-৩, ৬-১ ফলাফলত বিজয় অৰ্জন কৰে। প্ৰতিযোগিতাত কিছু সময়ৰ পূৰ্বে আৰ্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত স্পেইনৰ কাৰ্লোৰ্ছ এলকাৰাজে ইটালীৰ মাটিয়া বেলুচীক ৬-১, ৬-০, ৬-৩ ফলাফলত পৰাস্ত কৰে। ইপিনে প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত জাপানৰ নাওমী ওছাকাই বেলজিয়ামৰ গ্ৰীট মিনেনক ৬-৩, ৬-৪ পোনপটী...

August 27, 2025 12:13 PM

views 19

ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা ছিয়াটেকৰ জয়লাভ

বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা ছিয়াটেকে এমিলিয়ানা আৰাংগোক ৬-১, ৬-২ ফলাফলত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। নিউয়র্কত কালি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলখনত ইগা ছিয়াটেকে প্রতিপক্ষ খেলুৱৈগৰাকীক এঘণ্টাৰ যুঁজতে পৰাস্ত কৰে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে ক্ৰমাগতভাৱে ৭ খন প্রতিযোগিতাত প্ৰথম ৰাউণ্ডৰ খেলত বিজয় অৰ্জনৰ কৃতিত্ব লাভ কৰে। পৰৱৰ্তী ৰাউণ্ডত খেলুৱৈগৰাকী কাইলৈ নেডাৰলেণ্ডছৰ ছুজান লামেন্সৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ইগা ছিয়াটেকে যোৱা...

August 26, 2024 11:41 AM

views 24

ইউ এছ অপেন টেনিছ প্রতিযোগিতা ২০২৪ আৰম্ভ

ইউ এছ অপেন টেনিছ প্রতিযোগিতা ২০২৪ আজি নিউয়ৰ্কত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত সুমিত নাগল আৰু ৰোহন বোপন্নাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সুমিত নাগল ২০১৯ চনৰ পাছৰ পৰা চাৰিওখন গ্ৰেণ্ডশ্লাম প্রতিযোগিতাৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হ'ব। বিশ্ব টেনিছ ৰেংকিঙৰ ৫২ সংখ্যক স্থানত থকা সুমিত নাগল এইবছৰ ফ্ৰেন্স অপেন আৰু উইম্বলডন চেম্পিয়নশ্বিপ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়ান অপেনত দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছিল। আনহাতে দুবাৰকৈ গ্ৰেণ্ডস্লাম চেম্পিয়ন...

June 30, 2024 11:52 AM

views 31

ভাৰতৰ মালবিকা বন্স’ড়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালবিকা বন্স'ড়ে টেক্সাছত অনুষ্ঠিত ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ ৪৯ নম্বৰ স্থানৰ মালবিকাই কালি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ২২ নম্বৰ স্থানৰ খেলুৱৈ তথা কমনৱেলথ গেমছত দুবাৰকৈ পদক বিজয়ী স্কটলেণ্ডৰ কিৰ্ত্তি গিল্মৰক ১০-২১, ২১-১৫, ২১- ১০ গেমত পৰাস্ত কৰে। ছেমি ফাইনেলত মালবিকা জাপানৰ নাচুকী নিদ্ৰাইবাৰ সন্মুখীন হ'ব। ভাৰতৰ আন এগৰাকী খেলুৱৈ প্রিয়াংশু বাজাৱৰ্ট পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লেই লেন শ্বিৰ হাতত ২১-১৫, ১১-২১, ১৮-২১ গেমত পৰাভূত হৈ ...

June 28, 2024 1:25 PM

views 30

ইউ এছ অ’পেন বেডমিণ্টনত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটো মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ইউ এছ অ'পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটোৱে মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছৰ মালবিকাই প্ৰিকোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত চেকগণৰাজ্যৰ প্ৰতিদ্বন্দ্বী তেজো স্বাবিকোভাক পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈ গৰাকী আজি স্কটলেণ্ডৰ কিৰ্ত্তী গিলম'ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ছিংগলছৰ প্ৰিয়াংশু ৰাজাৱাৰ্টে চীনা টাইপেইৰ প্ৰতিদ্বন্দ্বী হুৱাং য়ু কাইৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি কোৱাৰ্টা...