December 27, 2024 11:14 AM

views 14

আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে যোৱা নিশা ৱাশ্বিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত অংশীদাৰিত্ব উন্নত কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সাম্প্রতিক বিষয়সমূহত মতবিনিময় কৰে। ড০ জয়শংকৰ যোৱা ২৪ ডিচেম্বৰত ছদিনীয়া কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছে। এই ভ্রমণকালত তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্রীয় বিষয়ৰ লগতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আলোচনা...