April 29, 2025 6:45 PM

views 24

পহলগাম আক্ৰমণত নিহতৰ আত্মাৰ শান্তিৰ বাবে আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ প্ৰাৰ্থনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলে সমবেত হৈ পহলগাম সন্ত্রাসবাদী আক্ৰমণত নিহতসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু এই আক্ৰমণত ভুক্তভোগীসকলৰ প্রতি সমবেদনা প্রকাশ কৰে। নিউজাৰ্চিৰ এডিচনত ভাৰতীয়-আমেৰিকান সমুদায়ৰ প্ৰায় ২০ টা সংস্থাৰ ৩০০ৰো অধিক সদস্যই এই জঘন্য সন্ত্রাসবাদী আক্ৰমণৰ গৰিহণা দিয়ে। অনুষ্ঠানত এডিচনৰ মেয়ৰ চেম যোশী আৰু নিউ জাৰ্চি এচেম্বলিৰ সদস্য ৰবাৰ্ট কাৰাবিঞ্চেকে অংশগ্ৰহণ কৰে। কাণেক্টিকাতো ১৬ টা ভাৰতীয় সংস্থাই পৃথকে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ক...