January 13, 2025 10:59 AM January 13, 2025 10:59 AM
7
ভোগালী বিহুৰ উৰুকা উপলক্ষে সমগ্ৰ ৰাজ্যতে উছাহ
আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰাগতভাৱে চলি অহা মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি সন্ধিয়া সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্ৰাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্ৰস্তুতি পুৱাৰে পৰা আৰম্ভ হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও ক্ৰংকিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুকেইখন সমূহীয়া বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিবলৈ ওলাইছে৷ মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হৈছে আৰু গ্ৰাহক...