August 6, 2025 1:05 PM August 6, 2025 1:05 PM
5
উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা ৭৫টা পৰিয়ালক ১৪ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ
উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫টা পৰিয়ালক সাময়িক সকাহ প্রদান কৰিছে। উচ্চ ন্যায়ালয়ে এখন আবেদনৰ শুনানি লৈ এই পৰিয়ালকেইটাক ১০ দিনৰ সময় প্ৰদান কৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা ১৪ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ নির্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে লগতে গুচৰীয়া লোকসকলে বনাঞ্চল দখল কৰা সন্দৰ্ভত বন বিভাগক এখন শপতনামা দাখিল কৰিবলৈও নির্দেশ দিয়ে। ইপিনে কালিৰ শুনানিত গুচৰীয়া পক্ষৰ লোকসকলে চৰকাৰে তেওঁলোকক বাসগৃহকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সা-সুবিধা প্ৰদা...