January 26, 2025 8:44 PM

views 25

ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ জাননী জাৰি

কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া পেন্সন আঁচনি অর্থাৎ ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰে যোৱা বছৰৰ আগষ্টত ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত বিকল্প ব্যৱস্থা হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা সামৰি লোৱা আৰু নতুন পেন্সন আঁচনিৰ অধীনত এই বিকল্প বাছি লোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত উমৈহতীয়া পেন্সন আঁচনি কাৰ্যকৰী হ'ব বুলি এই সন্দৰ্ভত কালি জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে।