September 20, 2024 7:21 PM

views 29

বি পি এফ আৰু ইউ পি পি এলৰ মাজত মিত্ৰতাৰ প্ৰক্ৰিয়া চলি আছে : প্ৰমোদ বড়ো

বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আজি বি পি এফ আৰু ইউ পি পি এলৰ মাজত মিত্ৰতাৰ প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰে। চিৰাং জিলাৰ ছিদলীত আজি তেওঁ বীৰ চিলাৰায় স্মৃতিত এটি ভৱন তথা সাংস্কৃতিক গৱষেণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানৰ ভাষণ প্ৰসংগত বড়োৱে এই কথা উল্লেখ কৰে। বি টি আৰ চুক্তিৰ পাছত ইউ পি পি এল নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে বি টি আৰত বসবাস কৰা ২৩টা জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে বহু আঁচনি গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এ...