December 22, 2024 8:48 PM

views 12

সমাজকর্মী তথা মাইতি নেপালৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী অনুৰাধা কৈৰালাক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ প্ৰদান

সমাজকর্মী তথা মাইতি নেপালৰ প্ৰতিষ্ঠাপক, ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত অনুৰাধা কৈৰালাক আজি উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ প্ৰদান কৰা হয়। কোকৰাঝাৰ জিলাৰ চান্দমাৰীত অৱস্থিত বডোফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপেন্দ্রনাথ ব্রহ্ম ন্যাস আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে এটা স্মাৰক, ২ লাখ টকা আৰু আনাইৰ লগতে পৰম্পৰাগত বড়ো সাজপাৰ