August 13, 2025 9:32 PM

views 14

উত্তৰ প্ৰদেশত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত অসমৰ এটা সোণসহ ৭টা পদক অর্জন

অসমে উত্তৰ প্ৰদেশত অনুষ্ঠিত ল'ৰা আৰু ছোৱালীৰ ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ৭ টা পদক অর্জন কৰিছে। আজি সামৰণি পৰা এই প্ৰতিযোগিতাৰ ৩৭ৰ পৰা ৪০ কিলোগ্রাম ওজন শাখাত প্ৰিয়াক্ষী গগৈয়ে তামিলনাডুৰ এছ সাৰথ তামিলক ৫–০ পইণ্টত পৰাভূত কৰি সোণৰ পদক অৰ্জন কৰে। নেহা পৱদেলে হাৰিয়ানাৰ জিবিকাৰ হাতত ০-৫ ফলাফলত পৰাভূত হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে ল'ৰাৰ ৬১ৰ পৰা ৬৪ কিলোগ্রাম ওজন শাখাত কনকন কিষণে উত্তৰাখণ্ডৰ মনিষ কাৰংগৰ হাতত ৫-০ ফলাফলত পৰাজিত হৈ ৰূপ...