May 20, 2024 6:39 PM

views 16

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অতিমাত্ৰা গ্ৰীষ্মপ্ৰৱাহৰ বাবে বিদ্যালয়সমূহৰ অংকুৰৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ

অতিমাত্ৰা গ্ৰীষ্মপ্ৰৱাহৰ বাবে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। গাজিয়াবাদত ২৫ মে’লৈকে শ্ৰেণীসমূহ বন্ধ হোৱাৰ বিপৰীতে নয়দাত পৰৱৰ্তী নির্দেশ নিদিয়াপর্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব। জিলাৰ শিক্ষা বিভাগে কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ড, The Indian Certificate of Secondary Education, উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদ আৰু অন্য ব’উসমূহক নির্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে।