September 9, 2024 11:39 AM

views 21

উত্তৰ প্ৰদেশৰ আগ্ৰাত আজিৰে পৰা ‘চিন্তন শিবিৰ’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পর্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিবিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পর্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্রদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সামাজিক ন্যায় আৰু সমাজ কল্যাণ বিভাগসমূহৰ লগতে শীৰ্ষ বিষয়া আৰু অন্যান্য মুখ্য অংশীদাৰীসকলৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে চিন্তন শিবিৰৰ...