August 23, 2024 11:23 AM

views 36

প্রধানমন্ত্ৰী মোদীৰ ইউক্রেইন ভ্রমণে দেশখনত যুদ্ধৰ অৱসান ঘটিব : ৰাষ্ট্ৰসংঘৰ সচিব প্রধান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্রেইন ভ্রমণে দেশখনত যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগাব বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে আশা প্ৰকাশ কৰিছে। সচিব প্ৰধানগৰাকীৰ মুখপাত্র ষ্টিফান ডুজৰিকে এই কথা প্ৰকাশ কৰিছে। যুদ্ধ অব্যাহত থকাৰ মাজতে প্রধানমন্ত্ৰী মোদীৰ ইউক্রেইন ভ্রমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডুজৰিকে কয় যে, কেইবাগৰাকীও ৰাষ্ট্ৰ প্ৰধান আৰু চৰকাৰ প্ৰধানে ইতিমধ্যে দেশখন ভ্ৰমণ কৰিছে আৰু তেওঁলোকৰ ভ্ৰমণে দেশখনত চলি থকা সংঘৰ্ষৰ অবসান ঘটোৱাত বিশেষ অৰিহণা যোগাব বুলি তেওঁ আশাবাদী।