May 28, 2025 10:35 AM

views 16

দেশত কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

দেশত কাইলৈ বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ওড়িশাৰ পুৰীৰ পৰা এই অভিযান আৰম্ভ কৰা হ'ব। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানত সমগ্ৰ দেশৰ ৭০০ৰো অধিক জিলা সামৰি লোৱা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ১৫ দিনীয়া অভিযানৰ সময়ত শ্ৰীচৌহানে কমেও ২০খন ৰাজ্য ভ্ৰমণ কৰি কৃষক আৰু বিজ্ঞানীসকলক উৎসাহিত কৰাৰ উপৰি তেওঁলোকৰ সৈতে প্রত্যক্ষ আলোচনাত মিলিত হ'ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া ৰাজ্যকেইখন ...