March 13, 2025 9:25 PM March 13, 2025 9:25 PM
4
কণ্টেণ্ট ক্রিয়েটৰসকল দেশৰ ডিজিটেল এম্বেছেদৰঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কণ্টেণ্ট ক্রিয়েটৰসকলক দেশৰ ডিজিটেল এম্বেছেদৰ হিচাপে আখ্যা দিছে। নতুন দিল্লীত আজি এটা অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয়, যে দায়িত্বশীল বিষয়বস্তু, অভিনৱ কাহিনী, দক্ষতা বিকাশ আৰু ভাৰতীয় সৃষ্টিশীলতাৰ প্ৰচাৰ হৈছে সৃষ্টিশীল উদ্যোগ ক্ষেত্ৰখনৰ চাৰিটা মূল দিশ। তেওঁ দেশৰ সৃষ্টিশীল খণ্ডত থকা বিশাল সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে এই উদ্যোগটো বর্তমান বহু কোটি টকাৰ খণ্ডত পৰিণত হৈছে আৰু ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ বৃহৎ সংখ্যক লোকে কর্ম-সংস্থাপন লাভ ক...