November 30, 2024 12:34 PM

views 12

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা বছৰৰ প্রথম ভাগত গোলকীয় একতাৰ প্ৰতীকস্বৰূপ মহাকুম্ভ মেলাৰ আয়োজন

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে কয়, যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা বছৰৰ প্রথম ভাগতেই গোলকীয় একতাৰ প্ৰতীকস্বৰূপ মহাকুম্ভ মেলা অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীয়ে কালি এই মেলাৰ প্ৰাক্ কাৰ্যসূচী মুকলি কৰি কয়, যে মহাকুম্ভ মেলা হৈছে সংস্কৃতি, কলা আৰু কাৰুশিল্পৰ আদান-প্ৰদানৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী। তেওঁ কয়, যে এই মেলাই দেশৰ সংস্কৃতিৰ বিবিধতাক উদযাপন কৰে আৰু লোকসকলক থকা খোৱাৰ উন্নত সুবিধা, পৰিবহণ আৰু দেশ-বিদেশৰ পৰ্যটকসকলক পৰ্যাপ্ত সুবিধা প্ৰদানৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে...