November 9, 2024 11:15 AM

views 13

পথ দুৰ্ঘটনা-মৃত্যু ৰোধৰ বাবে পথ নিৰ্মাণৰ সময়ত পথ সুৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰা উচিতঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে কয় যে, পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ বাবে পথ নিৰ্মাণৰ সময়ত পথ সুৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰা উচিত। ছত্তিশগড়ৰ ৰায়পুৰত কালি সন্ধিয়া ভাৰতীয় পথ মহাসভাৰ ৮৩ সংখ্যক বাৰ্ষিক সত্ৰ উদ্বোধন কৰি শ্ৰীগাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, পথ আৰু যান-বাহন অভিযান্ত্ৰিক ক্ষেত্ৰৰ আঁসোৱাহসমূহ আঁতৰ কৰোৱাৰ উদ্দেশ্যে প্ৰয়াস চলাই থকা হৈছে যদিও প্রকল্প প্রতিবেদনৰ ত্ৰুটিৰ বাবে এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। কালিৰ অনুষ্ঠানত উপস্থিত থকা...