October 24, 2024 8:44 PM

views 20

পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগঃ নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগ কৰিছে। নতুন দিল্লীত আজি দ্বাদশ Traffic Infratech Expoত সম্বোধন কৰি তেওঁ পথ নির্মাণ কার্যত নতুন আধুনিক প্রযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ গাড়ী চালকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণৰ বাবে উৎকৃষ্ট পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ অভিযন্তাসকলক চৰকাৰে উৎ‍সাহিত কৰিছে বুলি অৱগত কৰে।