January 16, 2025 8:40 PM January 16, 2025 8:40 PM

views 8

আন্তঃৰাষ্ট্ৰীয় কর্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনা সন্দৰ্ভত শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আলোকপাত

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় কর্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে। এই ক্ষেত্ৰত তেওঁ দক্ষতা আৰু মানৰ উমৈহতীয়া স্বীকৃতিৰ দৰে পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে। নিয়োগৰ ভৱিষ্যৎ সন্দৰ্ভত নতুন দিল্লীত আজি আয়োজিত এখন সন্মিলনত ভাষণ প্ৰসংগত তেওঁ প্ৰমাণপত্ৰতকৈ অধিক দক্ষতাক গুৰুত্ব দিয়াৰ হকে মত প্ৰকাশ কৰে। তেওঁ স্ব-নিয়োজন খণ্ড তথা উদ্যোগ ক্ষেত্ৰৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যে ব্যৱহাৰিক নিপুণতাৰে প্ৰাৰ্থীসকলক যোগ্য কৰি তোলাৰ পোষকতা কৰে। উদ্যোগ আৰু শৈক্ষিক খ...