November 27, 2024 8:54 PM

views 11

বাংলাদেশত হিন্দুক লক্ষ্য কৰি হোৱা আক্ৰমণৰ ঘটনাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বাংলাদেশত হিন্দুসকলক লক্ষ্য কৰি হোৱা আক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী জনাইছে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিঙে আজি কয়, যে আক্ৰমণৰ ঘটনাসমূহৰ পৰা বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ যে মৌলবাদীসকলৰ কবলত পৰিছে সেয়া স্পষ্ট হৈ পৰিছে। এনে ধৰণৰ আক্ৰমণ মানৱতাৰ পৰিপন্থী বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বিষয়টো সন্দৰ্ভত কংগ্ৰেছ আৰু অন্য বিৰোধী দলসমূহৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত...