July 17, 2024 9:25 PM

views 20

দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতাঃ ক্ৰীড়ামন্ত্ৰী ড০ মনসুখ মন্দাভিয়া

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতা। তেওঁ কয় যে, চৰকাৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক সৱল কৰি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি পুৰস্কাৰ বিজেতাসকলৰ সৈতে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে। ড০ মন্দাভিয়াই কথোপকথনৰ সময়ত এই বুলি আশা প্রকাশ কৰে যে, যুৱক-যুৱতীসকলৰ পৰিৱৰ্তনকামী শক্তিয়ে দেশক প্ৰগতি আৰু উদ্ভাৱনৰ দিশে লৈ যাব।