October 24, 2024 8:43 PM

views 23

দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বায়’ ই থ্ৰী নীতিয়ে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবঃ ড০ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কৈছে যে, শেহতীয়াকৈ অনুমোদন লাভ কৰা বায়' ই থ্ৰী নীতিয়ে দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। বায়' ই থ্রী অর্থাৎ অর্থনীতি, জলবায়ু আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি হৈছে দেশৰ জৈৱ উৎপাদনক উচ্চ কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এটা সুপৰিকল্পিত পদক্ষেপ। আজি নতুন দিল্লীত ভাৰত-জার্মান বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতাৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কেন...