September 7, 2025 8:13 PM

views 36

অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান অলিম্পিয়াড ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙৰ সম্বর্ধনা

কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে যোৱা মাহত চীনৰ জিনিঙত অনুষ্ঠিত অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান অলিম্পিয়াড ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত সম্বর্ধনা জনায়। এই প্রতিযোগিতাত ভাৰতীয় দলটোৱে এটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ সাতটা পদকৰ লগতে আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী বিজ্ঞান যুৱ আন্দোলন প্রতিবেদক শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰে। অনুষ্ঠানত ভাষণ দি ড০ জিতেন্দ্র সিঙে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি কয়, যে এই ফলাফলে যুৱচামৰ নতুন অভিলা...