October 15, 2024 11:10 AM

views 38

নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মত বিনিময়

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব৷ বৈঠকৰ সময়ত নৱনিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলে গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰশিক্ষণকালৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব। দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিষয়াসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ পৰা পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় আৰক্ষী সেৱাত ২০২৩ চনত নিযুক্তিপ্রাপ্ত ৫৪ গৰাকী মহিলা বিষয়াসহ মুঠ ১৮৮ গৰাকী প্ৰশিক্ষাৰ্থী বিষয়াই মৌলিক পাঠ্যক...