April 26, 2025 1:49 PM

views 10

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত সিন্ধু জল চুক্তিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীৰ বাসগৃহত পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে ততালিকে প্রযোজ্য হোৱাকৈ সিন্ধু জল চুক্তি বাতিল কৰিছে। কালিৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ সৈতে কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে ক...