February 2, 2025 12:07 PM February 2, 2025 12:07 PM
36
২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি বৃদ্ধি
২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি আৰু উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ পুঁজি বৃদ্ধি কৰা হৈছে। বাজেটত এইবেলি উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ৫,৯১৫ কোটি টকা আৱণ্টন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাজেটত এই মন্ত্ৰ্যালয়ৰ বাবে চাৰি হাজাৰ ছয় কোটি টকা ধাৰ্য্য কৰা হৈছিল। বাজেটত উল্লেখ কৰা মতে এই শিতানত আৱণ্টিত ধনৰ বৃদ্ধিৰ পৰিমাণ প্রায় ৪৭.৬ শতাংশ। ইয়াৰ উপৰি অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে বাজেটত ৬৬ কোটি ৮৭ লাখ টকা আৱণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটত বিত্...