August 3, 2025 8:50 PM

views 22

ধুবুৰী জিলাৰ টিপকাই নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ বন্ধিহানা আৰক্ষী চকীৰ অন্তৰ্গত চেন্দক গাওঁৰ টিপকাই নদীত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। অঞ্চলটোৰ ৰাইজে পানীত ওপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।