November 6, 2025 10:56 AM

views 81

মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন...

August 28, 2025 8:58 PM

views 19

২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে জনোৱা অনুসৰি ২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় সমাজক এই জৰুৰীকালীন সময়ত সহায় কৰিবলৈ আহ্বান জনায়। ১ চেপ্তেম্বৰৰ ভিতৰত পাকিস্তানে ১০ লাখতকৈ অধিক আফগান শৰণাৰ্থীক বিতাড়িত কৰাৰ সময়সীমাই বিশেষকৈ মহিলা আৰু যুৱতী শৰণাৰ্থীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। মানৱীয় সংস্থাসমূহে আফগানিস্তানত দৰিদ্ৰতা,নিবনুৱা সমস্যা আৰু অস্থিৰতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে...

May 29, 2025 3:43 PM

views 44

ৰাষ্ট্ৰসংঘ শান্তি ৰক্ষকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত সাহসী পুৰুষ-মহিলাসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি ড° এছ জয়শংকৰৰ শ্ৰদ্ধা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ৰাষ্ট্ৰসংঘ শান্তি ৰক্ষকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত সমগ্ৰ বিশ্বতে শান্তি ৰক্ষাৰ বাবে নিয়োজিত সাহসী পুৰুষ-মহিলাসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত সমৰ্পিত মনোভাৱেৰে অৰিহণা যোগোৱা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষকসকলক প্ৰশংসা কৰে।

May 21, 2025 7:41 PM

views 54

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে নিৰাপত্তা পৰিষদত কয়, যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সামুদ্রিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বিতৰ্কত অংশ লৈ শ্ৰী হৰিশে ভাৰতৰ ব্যাপক সামুদ্রিক কৌশলৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ এই বিতৰ্কত ৰাষ্ট্রভিত্তিক ভাবুকি আৰু সন্ত্ৰাসবাদ, জলদস্যু, চোৰাং সামগ্ৰী আৰু অবৈধ মাছ ধৰাৰ দৰে প্ৰত্যাহ্বানসমূহ দাঙি ধৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মহাসাগৰ’ পদক্ষ...

October 13, 2024 8:53 PM

views 31

২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধ

গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেন্দ্ৰীয় বিভাগ আৰু প্ৰশাসনসমূহক অহা ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ অনুৰোধ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, সংসদ ভৱন, উচ্চতম ন্যায়ালয় ভৱন, ৰাজভৱন, ৰাজনিৱাস অথবা বিধান পৰিষদৰ ভৱন, বিধানসভা আৰু উচ্চ ন্যায়ালয়সমূহত ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাব নালাগে বুলি মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।

October 10, 2024 8:27 PM

views 33

২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ বাবে ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰিছে। এই ১৮ খন ৰাষ্ট্ৰৰ ভিতৰত আছে- বেনিন, বলিভিয়া, কলম্বিয়া, ছাইপ্ৰাছ, কাটাৰ আৰু থাইলেণ্ড আদি ৷ গোপন বেলটৰ জৰিয়তে এই সদস্য ৰাষ্ট্ৰকেইখন নিৰ্বাচিত কৰা হয়। অহা বছৰ পহিলা জানুৱাৰীৰ পৰা সদস্য ৰাষ্ট্ৰকেইখনৰ তিনি বছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। উল্লেখযোগ্য যে ৪৭ খনীয়া সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায় এক তৃতীয়াংশ প্ৰতিবছৰে সলনি কৰা হয়৷