January 18, 2025 7:43 PM

views 11

ডিমা হাচাও জিলাৰ উমৰাংছ’ত শোকাৱহ স্কুলবাছ দুৰ্ঘটনা

ডিমা হাচাও জিলাৰ উমৰাংছ' আৰক্ষী থানাৰ অধীনৰ ১৯ কিলোমিটাৰ এলেকাৰ সমীপত আজি পুৱা এটা শোকাৱহ স্কুলবাছ দুৰ্ঘটনা সংঘটিত হয়। এটা চৰকাৰী বিবৃতিযোগে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্র বিষয়াই জনাইছে যে এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগতে ৬ গৰাকী ছাত্র-ছাত্রী গুৰুতৰভাৱে আহত হৈছে। আহত ছাত্ৰ-ছাত্ৰী সকলক জৰুৰীকালীন চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ লৈ যোৱা হয়। নিহত ছাত্ৰীগৰাকী ১০ বছৰীয়া দালিমাৰ ৰংহাংপি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত ছাত্র-ছাত্রীসকল হ'ল আর্কলিংছন হাঞ্চে, ফেলিহা...