January 16, 2025 7:04 PM January 16, 2025 7:04 PM

views 9

উমৰাংছ’ৰ কয়লাখনিত নিহত আৰু সন্ধানহীন শ্ৰমিকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য চৰকাৰৰ

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে উমৰাংছ'ৰ তিন কিলো কয়লাখনিত নিহত ৪ জন শ্রমিকৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ'ব। সম্ভেদ নোপোৱা আন ৫ জন শ্রমিকৰ পৰিয়াললৈও ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যত ৰেট হ’ল খননৰ সন্দৰ্ভত সম্পূর্ণ নিষেধাজ্ঞা আৰোপৰ বাবে নির্দেশনা যুগুত কৰা হ'ব।