February 7, 2025 6:52 PM

views 22

উমৰাংছুৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থজড়িত শুনানিত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল

উমৰাংছুৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত আবেদনখনক লৈ আজি অনুষ্ঠিত শুনানিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দাখিল কৰা এই শপতনামাখনত সংশ্লিষ্ট এলেকাসমূহত অবৈধ কয়লা খনন ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হৈছে।

January 11, 2025 7:57 PM

views 20

উমৰাংছ’ৰ কয়লা খনিৰন ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি

ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিন কিল’ কয়লাখনিৰ পৰা আজি দিনৰ ভাগত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনছুন সিঙে জনোৱা মতে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গাওঁৰ ৫৭ বছৰীয়া খুশি মোহন ৰায় আৰু আনটো শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাতাচীপুৰৰ ৩৭ বছৰীয়া সুৰক্ষাকৰ্মী শৰৎ গয়াৰী বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱাৰ ভাগত ...

January 10, 2025 1:43 PM

views 18

উমৰাংছ’ৰ তিন কিলোৰ কয়লা খনিত শ্ৰমিকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

যোৱা সোমবাৰে উমৰাংছ'ৰ তিন কিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ চাৰি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি সকলো সংস্থাই এতিয়া কোনো শ্রমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা অৱস্থা নাই বুলি ঘোষণা কৰিছে। বিশাখাপট্টনমৰ নৌ সেনা কমাণ্ডৰ পৰা অহা উদ্ধাৰকাৰী দলে কালিও উদ্ধাৰ কাৰ্যত দূৰ সংবেদী বাহন ব্যৱহাৰ কৰে আৰু ক'ল ...