January 28, 2025 8:47 PM January 28, 2025 8:47 PM
17
উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু
ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত আজি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত মহাধিবক্তা দেৱজিৎ শইকীয়াই উমৰাংছ'ৰ কয়লাখনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱসৰ...