January 28, 2025 8:47 PM

views 30

উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত আজি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উমৰাংছ'ৰ কয়লাখনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱসৰ...

January 9, 2025 12:55 PM

views 17

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত আছে। ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী দলে আজি অত্যাধুনিক সৰঞ্জামেৰে উমৰাংছ'ৰ কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ চেষ্টা চলাব। নৌসেনাই আবদ্ধ শ্রমিক কেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থাচালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

January 8, 2025 9:11 PM

views 27

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্রমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ ২১ জন ডুবাৰু, সেনাবাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্রমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান চলাই আছে। খনিটোৰ ভিতৰৰ পৰা নিৰ্গত পানী নিষ্কাশনৰ বাবে কেইবাটাও শক্তিশালী পাম্প ব্যৱহাৰ কৰা হৈছে যদিও পানী এতিয়াও সম্পূর্ণকৈ উলিয়াই পঠিয়াব পৰা হোৱা নাই। নৌসেনাই আবদ্...

January 7, 2025 9:14 PM

views 19

উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৩০ জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮ জনীয়া দলৰ লগতে নৌ সেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূর্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে আৰু কেইবামিটাৰ দ পানীত আৱদ্ধ হৈ পৰা শ্রমিককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন ১৯৫৭ৰ অধীনত অৱহ...