January 11, 2025 7:57 PM January 11, 2025 7:57 PM
8
উমৰাংছ’ৰ কয়লা খনিৰন ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি
ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিন কিল’ কয়লাখনিৰ পৰা আজি দিনৰ ভাগত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনছুন সিঙে জনোৱা মতে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গাওঁৰ ৫৭ বছৰীয়া খুশি মোহন ৰায় আৰু আনটো শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাতাচীপুৰৰ ৩৭ বছৰীয়া সুৰক্ষাকৰ্মী শৰৎ গয়াৰী বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱাৰ ভাগত ...